Sunday, July 14, 2013

উত্তৰাখণ্ডৰ “হিমালয়ান চুনামি’ আৰু কিছু বিক্ষিপ্ত চিন্তা

                :উত্তৰাখণ্ডৰ “হিমালয়ান চুনামি’ আৰু কিছু বিক্ষিপ্ত চিন্তা:

সৰুতে আইতাৰ মূখত গংগোত্রী,য়মোনোত্রী,বদ্রীনাথ,কেদাৰনাথ,গুপ্তকাশী আদি তীর্থস্থল ভ্রমণৰ কাহিনী শুনিছিলো কিন্তু এই চাৰিধাম যাত্রা কৰাৰ সৌভাগ্য হোৱা নাছিল।সেই চাৰিধামকে এইবাৰ বানে উটুৱাই নিয়াৰ উপক্রম কৰিলে।চামোলি,ৰুদ্রপ্রয়াগ আৰু উত্তৰকাশী আদি ঠাই বোৰৰ প্রায় সত্তোৰহেজাৰ লোক এতিয়াও সন্ধানহীন আৰু প্রায় দুশলোক মৃত্যুমুখত পৰিছে।এই প্রাকৃতিক দুর্য্যোগক ‘হিমালয়ান চুনামি’ আখ্যা দিয়া হৈছে।

প্রাকৃতিক দুর্য্যোগ কি কেৱল প্রাকৃতিক দুর্য্যোগেইনে ?ইয়াত মানুহে কৰিব লগা একোৱেই নাইনে? উত্তৰাখণ্ডত হোৱা এই বানপানীক পৰিবেশ বিশেষজ্ঞ সকলে মানুহৰ দ্বাৰা সৃষ্ট প্রাকৃতিক দূর্য্যোগ(Man-Made Disaster) আখ্যা দিছে।অপৰিকল্পিত ভাৱে ঘৰ সজা,জধে-মধে গছ কাটি জংঘল নষ্টকৰা আদিৰ লগতে উত্তৰাখণ্ডত যোৱা তিনিবছৰ ধৰি অবৈজ্ঞানীক পদ্বতিৰে র্নিমাণাধিন ‘হাইডেল বান্ধ’ৰ কু-পৰিনতি এইবাৰৰ এই “হিমালয়ান চুনামি’ বুলি কিছু সংখ্যক পৰিবেশ সচেতন লোকে মতপ্রকাশ কৰিছে।অলপতে প্রকাশ পোৱা কেন্দ্রীয় পানী আয়োগ(Central Water Commission) এটি সমীক্ষা মতে,১৯৭৭ চনৰ পৰা বর্তমানলৈকে প্রায় .২১ কোটি হেক্টৰ মাটি বানপানীৰ কৰাল গ্রাসত পৰিছেবানপানীত বছৰি প্রায় ২০০০ লোকে প্রাণ হেৰুৱাইছে আৰু প্রায় .২৫ লাখ ঘৰ নষ্ট হৈছে

উত্তৰাখণ্ডত হোৱা বানপানীয়ে মোক আকৌ এবাৰ আতংকিত কৰি তুলিছে।প্রত্যেক বছৰৰ দৰে এই বাৰো অসমত বানপানীৰ সময় কাষচাপি আহি আছে। জ্ঞাণ হোৱা দিনধৰি বানপানীৰ সৈতে পৰিচয়।যদিওবা আমাৰ ঠাইখনক বানপানীৰ কৰাল গ্রাসে চুব নোৱাৰে তথাপি চতিয়া,জামুগুৰি ,গহপুৰ বা ধেমাজী,জোনাই,ডিমৌ আদি অঞ্চলত বানপানীয়ে কৰা তাণ্ডব সৰুৰে পৰা দেখি আহিছো।

এতিয়া বৰষুণৰ বতৰ।অলপ দিনৰ পাছত প্রত্যেক বছৰৰ দৰে অসমৰ নদ-নদী পানীৰে উপচি পৰিব।হিল-ধল ভাঙি নামি আহিব পাহাৰৰ পানী আৰু উতুবাই নিব ধাননী পথাৰ,ঘৰ,গছ-গছনি,মানুহ গৰু চবকে।অসম খন আকৌ এবাৰ কিছুদিনৰ কাৰনে দেশ-বিদেশৰ বাতৰি কাগজৰ,বিভিন্ন টিভি চেনেলৰ বাবে এটি গৰম খবৰ হ’ব।যোৱা কিছুবছৰৰ দৰে দিল্লীৰ পৰা আহি উৰাজাহাজত ওপৰে ওপৰে বানপানীৰ সৌন্দয্য উপভোগ কৰি সাহায্যৰ নামত কিছুটকা দিয়াৰ ঘোষনাৰে নিজৰ দ্বায়িত্ব সামাৰিব অসমৰ পৰা নির্বাচনত জয়ীহোৱা প্রধান মন্ত্রী জনে।আৰু হয়তো আকৌ এবাৰ “বানপানীৰ পৰা হাত সাৰিবলৈ কলগছৰ পুলি ৰুবলাগে’’ বুলি পৰামর্শ আগবঢ়াব আমাৰ হাহিঁৰাম মূখ্যমন্ত্রীগৰাকীয়ে।

চিনদেশৰ চকুপানী বুলি বিখ্যাত ‘হোৱাঙহো’নদী খনকো বর্তমান দেশখনে নিজৰ আয়ত্তলৈ আনিছে আৰু বছৰি নদীখনৰ পৰা হোৱা বানপানীৰ কৱলৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।তেনেক্ষেত্রত অসমৰ বাবেও স্থায়িভাবে কিবা এটা কৰিব নোৱাৰিনে?নিশ্চয় পাৰি প্রয়োজন মাথো এটি বিজ্ঞানসন্মত আচনিঁ তাক ৰূপায়ণ কৰাৰ কর্মপদ্ধতি আৰু কেইজনমান দ্বায়িত্বশীল বিশেষজ্ঞৰ ।নহলে বানপানীৰ কৰাল গ্রাসৰ পৰা অসমৰ জনসাধাৰণে সহজে মুক্তি পোৱাৰ আশা কম।

                                                                       দীপক দাহাল,নতুন দিল্লী,

                                                                                  (২০-০৬-২০১৩)